Featured

First blog post

This is the post excerpt.

Advertisements

This is your very first post. Click the Edit link to modify or delete it, or start a new post. If you like, use this post to tell readers why you started this blog and what you plan to do with it.

post

প্ৰেম কেনেকুৱা!

তুমি মোৰ নাছিলা,নোহোৱা;নহ’বা
জানিও—

পাগলৰ দৰেই ভালপাওঁ;তোমাক।

অভিমানী হৈ ভাঙি দিব মন যায়…
বান্ধবোৰ।
নাভাঙো কিন্তু,নোৱাৰোও যে।
তুমি অজ্ঞাত আছিলা;অজ্ঞাত হৈয়ে ৰ’বা..’কাঠচিত’।

এটা বছৰে আমনি কৰিব হেতা্ওপৰা কৰিছে সময়ে। নাই! মই এবছৰে কঢ়িয়াই ফূৰিছো বোজাটি;যি বোজাৰ ভিতৰচৰাত ৰঙীণ উদাসীনতাই গঁজালি পেলাইছে !গভীৰ হৈছে ভাৱৰ বোজাবোৰ। তথাপিও মই সুখী।

এবছৰ হ’বৰ হ’ল!লেশমানো দাগ নলগা-

বগা কাপোৰখনৰ দৰেই ভাল পাই পেলাইছো–তোমাক!

অ’ তোমাক।
সকলোৱে পাগল বুলি উপলুঙাৰে উৰুৱাই দিয়ে। কিন্তু কোনে জানে সেই দ’ ঘাঁ টুকুৰা,
য’ত দিনে দিনে ক্ষয় দিছে অন্তৰখন;
নাই তুমি নুবুজিবা,কাৰণ নুবুজিলা,ভুল তোমাৰ নহয়,নহয় ভূল কেওৰে; মোৰ বাদে।

তোমাক নজনাকৈ,তোমাক নজনোৱাকৈ ‘ওৰ-ঘোৰ’ প্ৰেম কৰিছো তোমাক। তোমাৰ জীৱনত ‘যতি-চিহ্নবোৰ’ বহি যাব।

আৰু–

আৰু; মই সেই টোকাবহী খনেই বুটলিম!
অৱশেষত—
তুমি নাই; অথচ যতিচিহ্নবোৰ ৰৈ যাব।
হাঁহিয়াতৰ পাত্ৰ সদায় মই;
কেৱল তোমাৰ কথাফেৰাৰ বাবে।

নাজানো একো,কটগদ্ যে নকৰো কেওকে।

মাথো জানো–

ভাল পাব তোমাক,

জানো–

তুমি অহা বাটটোত চফৰ কৰিব,

মাথো জানো–

তোমাৰ সৰু সৰু প্ৰিয় ঠাইবোৰ,

আৰু জানো–

তোমাৰ গাড়ীৰ নাম্বাৰ

জানো–

জানো;সেই আভাস কিন্তু সত্য…
তুমি আশে-পাশে থকা আভাসকণ!
নাহাঁহিবা,বতাহে কোবাই যায় অঁজলা বুলি মোক!
আৰু তেতিয়াই বুজি পাওঁ-তোমাৰ আগমণ।
জানো–

আৰু জানো, তুমিযে অজ্ঞাত এইবোৰৰ পৰা।

এইবোৰৰ মূল্য নাই;জানো।

তোমাৰ জীৱনৰ ঘটনা আৰু তুমি!
জ্ঞাত সকলোতে।
এতিয়া পলম হ’ল–

……যথেষ্ট পলম !

…কুশলে থাকা।

~~|| দেৱাশ্ৰী শৰ্মা

~~||মিছামাৰী,তেজপুৰ।

~~পাপন দা ~~

“সপোনত আজি…
দিথকত আজি…”
তোমাৰ পৰশ অনুভৱ কৰিছো ।
তুমি ‘তাৰকা’ মনৰ।
অভিসপ্ত সেই ‘July’
আৰু..
মনৰ বেথা বোৰ;
গোপনেতো সাৱটিলা তুমিয়ে
নিৰৱে ।
আছিলো সেইকালে..
আজিও আছো…
থাকিম সদায় …
থাকিম সদায়!!

*”Yada yada hi dhormaswa glanirbhaavatibharata
Abhiyuthanam adharmaswa tdatamanam sryjanyanaham” ©

–তুমি য’তেই থকা হৃদয়ত কিন্তু সদায় আছা
আগুৱাই যোৱা~~~
“উন্নতিৰ শীৰ্ষ আৰু তুমি”
আগুৱাই যোৱা ‘পাপনদা’
আগুৱাই যোৱা ।
ভয় নকৰিবা কেওঁকে!
সদায় আমি তোমাৰ স’তে;
সকলোতে💓

“তুমি গ’লেই জানা বাট বুলি…
চিনাকী চিনাকী উৰে ধূলি….”

©Song-PaponDa
* (কোনো অপৰাধ নহয়)

~~ Debashree Sharma

“বকুলজুপি এতিয়াও”

সেই যে ৰ’দ জাকতো…
তোমাৰ সংগই দি যায়🤗
মিঠা অনুভৱ☺️
আমনি কৰে এতিয়া..
সংগহীনতাই তোমাৰ!!
কৈছিলা যে বকুলৰ ওপৰত কবিতা;
গাবলৈ…

বকুলজুপি সাক্ষী হৈ ৰ’ব জানা?
কিছু অকথ্য…
সীমাহীন স্মৃতিৰ…
থাকিম তাত মই —
থাকিবা তুমিও —
(নায়ক নায়িকা নহয়)
মাথো শ্ৰোতা হৈ!! 💕💕💕

💞💞💞💞 ~~Debashree Sharma

সময় আৰু মুকুতামণিবোৰ!!

ওৱাকিপ ময়ো যে,
তুমিতো মোৰ নাছিলা !
জানো
কস্মিনকালেও নোহোৱা মোৰ,
গ’লাগৈ তুমিও…
সেই জাঙুলজাকৰ মাজলৈকে…
য’ত এতিয়া ব্যৰ্থ মই ;
তোমাৰ সন্ধানত !

নোৱাৰিছো আৰু
ছাগে নাহা তুমিও!!
ভটিয়াই ….
নাজানো বাৰু
হৈ ৰ’ম নে
অপেক্ষাৰত ;
হ’ম নে মই?

উজাই যোৱা নদীখন যে….
তুমি ।

~~ Debashree Sharma

ভাল লগা বোৰৰ পম খেদি!!!

আৰম্ভ হৈছিল ziro point ৰ সেই বিশেষ বাটটোৰ পৰা! দুয়োকাষে হেপাহঁৰ ৰঙীণ ফুলপাত তথা পাতফুলবোৰ,মাজে মাজে যে আছিলো মই‌। সেইদিনা শীতৰ দ্বিতীয়জাক বৰষুণ আছিল। প্ৰথমজাক নাজানো কিয় বিশেষ মনেৰসা নাছিল। আবেলিৰ কিন্ কিনীয়া বৰষুণজাক আৰু বতাহজাকত মই যে ঘূৰি ফুৰিছিলো শীতৰ প্ৰকোপতে।

আবেলি ঠিক 4টা বাজিছিল। গাড়ীখন পাৰ ‌হৈ গৈছিল। HONDA city! তাৰ পাছত ঘূৰি আহিল আকৌ।

চাব্ দাড়িৰে সৈতে ক’লা T-SHIRT টো বৰ সোৱাইছিল! ক’লা জোতাযোৰ, ঘড়ীটো বেচ্ branded আছিল দেই। এপলক ভাবিবলৈও সময় নাছিল, তোমাৰ মনমুগ্ধ চাৱনি উপভোগ কৰাত যে ব্যস্ত আছিলো মই‌ ।অৱশ্যে তোমাৰ প্ৰতিটো ভংগিমাত আভিজাত্যৰ প্ৰকাশ পাইছিল। চকুৰ অতি ক্ষীণ মিলনতে মন্ত্ৰমুগ্ধ বিলীন প্ৰেমিকা হৈ পৰিলো। বতৰটোও বিশেষ প্ৰিয় এতিয়াও । তুমি গ’ম নোপোৱাকৈয়ে তোমাৰ পদপথ অনুসৰণ কৰিছিলো যে মই। তুমি আহি ভাল পোৱা সেই বিশেষ ৰেস্তোৰাঁ খনতে মই এখন্তেক বহোঁ তোমাক চাবলৈয়ে। উঠি গুচিও যোৱা পলকতে। কফি হে ভাল পোৱা ন’! আমাৰ স্হানীয় বাসিন্দাসকলৰো coffee এ প্ৰিয়। Gym ত যোৱা বুলি প্ৰথমতে গ’ম পাইছিল। ছাগে অজানিতে তোমাৰ চাব্ দাড়ীৰ মাজেৰে সৰকা বিশেষ হাঁহিটোতেই মূগ্ধ হৈছিলো,আচ্ছন্ন হৈছিলো;ছাগে চকুৰ সেই প্ৰেমপ্ৰিয় গম্ভীৰ চাৱনিতেবা। T-shirt বোৰ বেচ্ পছন্দ হয় মোৰো তুমি পিন্ধা।

সেই যে… হাবি লেখীয়া বননিচৰাত ফূৰিবলৈ ভাল পাইছিলো। তাত মই সদায় মন খুলি জোনটি/বেলিটো চাব যাওঁ। সেইদিনা কি হ’ল!বেলি লহিয়াইছিল, মুখ এন্ধাৰ! মই গান শুনি ব্যস্ত আছিলো,শীতত কম্পিত স্পন্দনৰত দেহ। jacket ও যেন ধৰি ৰ’ৱ নোৱাৰিছিল মোৰ আন্তৰিক শীত দেহৰ। তুমি আহি ওলাইছিলা ক’ৰ পৰা! আহ্!মনে মনে মইহে চাওঁ। তোমাৰ সেই হাঁহিটো আৰু চাৱনি !ডুবি যাওঁ নে ইয়াতেই ? তোমাৰ jacket,boots, ৰ স’তে,তুমি যে এজন দায়িত্বশীল পুত্ৰ,ভাত্ৰৃ,নাগৰিক আৰু যোগ্য প্ৰেমিক হয় গ’ম পাইছিলো। মুখ এন্ধাৰ !বেলি মাৰ যাওঁ যাওঁ। তোমাৰ-মোৰ ধেমালীবোৰ। তুমি সঁচাকৈয়ে ধৰিছিলা সাৱটি । পলকতে চকুলো বৈছিল যে মোৰ ।সুৰক্ষিত আছিলো তোমাৰ বাহু বন্ধনত ! আলিংগনত। সেইখন প্ৰিয় বননি সদায় মোৰ। শীতল সমীৰতো উমাল হ’ল দেহাটিও ।

তোমাৰ মৰমৰ ঠিকনা বিচাৰি—গৈছিলো,অচিনাকী মুখ।

{বি:দ্ৰ- কাহিনীভাগ কাল্পনিক!!}

~~ Debashree Sharma

ৰাজনীতিৰ মেঁৰপাকত….

ৰাজনীতি ! এক সৰ্বজ্ঞাত সত্বা। তাতে যদি আকৌ কথা অসমৰ হয়,তেন্তে ই আৰু অধিক ৰসাল হৈ পৰে। কি ৰাষ্ট্ৰীয়,কি আঞ্চলিক সকলো দলেই টেলিভিছনৰ পৰ্দাত আমাক সদায়ে তেওঁলোকৰ মন্তব্যৰ ফটকাৰে মনোৰণ্জ্ঞন কৰি আহিছে।এই দলসমূহে প্ৰভূত্ব স্থাপন কৰি আহিছে। অসমৰ এই বিশাল ক্ষেত্ৰখনৰ বিষয়ে বৰ্ণনা দিবলৈ মোৰ কলমৰ সামৰ্থ্য আছে যদিও মোৰ অভিজ্ঞতা কিছু সীমিত। ত‌‌ৎসত্বেও একলম লিখাৰ প্ৰয়াসেৰে….

শাসকদল দলসমূহৰ উপৰিও বিভিন্ন বিৰোধী দলেও ৰাজনীতিৰ ক্ষেত্ৰখনত বিশেষ ভাৱে অংশ গ্ৰহণ কৰি আহিছে। তদুপৰি কিছু দিনৰে পৰা বিভিন্ন আঞ্চলিক অৰাজনৈতিক সংগঠনেও যেন ৰাজনীতিৰ মাদকতাৰে আৱৰ্তিত হৈছে। যদিও ৰাজনীতিত অৰিয়াঁ-অঁৰি স্বাভাৱিক,কিন্ত অসমৰ ক্ষেত্ৰখন যেন কিছু সুকীয়া। প্ৰত্যেক দিনাই অসমৰ গৌৰৱোজ্জল দলসমূহে বাঁক বিতন্দ্বৰ মাজেৰে বিতৰ্কত শীৰ্ষস্হান লাভ কৰি আহিছে।

অসমত বিগত কিছু বৰ্ষত কোনো এটি দলে যদি কৰ্মশীলতা, দক্ষতাৰ পৰিচয় দিছে, সেইসময়তে আকৌ পূৰ্বৰে পৰা ৰাজগাদী উপভোগ কৰি অহা দলটিয়ে বাক বিতৰ্কৰ সূত্ৰপাত কৰিব ধৰিছে। এনে খণ্ডযুদ্ধত ভিন্ন বিৰুধী দলো পিছ হুঁহুকি থকা নহয়।কিন্তু এনে নিকৃষ্ট কাৰ্যত সৰ্বসাধাৰণ ৰাইজৰটো একো হাচিল নহয়;কেৱল পৰিধান কৰিব লাগে ভুক্তভোগীৰ ‘মুখা’। যদি কোনো এটা দলে ৰণডংকা বজায়, অন্য এটা দলেও অৱশ্যেই তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হ’ব। কিন্তু দুই ম’হৰ এই যুঁজত বিৰিণা কোন? নিশ্চয়কৈ জনসাধাৰণ ।এনেদৰে সদায় ধাৰাবাহিকতা বৰ্তাই চলিলে অসমৰ ৰাজনীতিৰ পটভূমি ছাৰখাৰ নহ’বনে? ইতিমধ্যে ই কলুষিত নোহোৱাকৈ থকা নাই। দলসমূহৰ নিজৰ মাজেৰে বিভাজণমুখী প্ৰৱণতায়ো মাধ-মাৰটো সুধায় জনমাজতে। যদি কোনোবা ৰাজনেতাৰ পুঁজিবাদী অৰ্থনীতিৰ প্ৰসাৰতাই সাধাৰণ ৰাইজক ৰামটাঙোন সুধাইছে,আন কেতিয়াবা আকৌ ভোটৰ লালসাত জনসাধাৰণক ‘বলিৰ ছাগলী’ হিচাপে ব্যৱহাৰৰ নজিৰ আমাৰ নথকা নহয় । সৌ-সিদিনাৰে কথা,চৰকাৰে এজন জেষ্ঠ্য সন্ত্ৰাসবাদী নেতাক আটক কৰিলে,কিন্তু বৰ্তমান তেওঁ মুক্ত বতাহ আৰু মুক্ত আকাশৰ অতিথি। এয়া নতুন ঘটনা নহয়! ইতিমধ্যেই,বিগত কিছু বছৰৰ পৰা আন বহুতো এনে সন্ত্ৰাসবাদী নেতাক চৰকাৰে সুৰক্ষা দি আহিছিল। আকৌ UNESCO ৰ summit ত ভুৱা পৰিচয়ৰ ব্যৱাহাৰ;এইবোৰ কি আছিল?আত্মসমৰ্পণ কৰিছে;কৰিব আৰু?? আৰু অঙ্গৰক্ষক ল’বনে??

এয়াই নেকি গণতন্ত্ৰ? এয়াই নেকি ন্যায়?ছাগে এয়াই জনকল্যাণ?

তদুপৰি,জনজাতীয় অশান্তিৰ বীজ সীচাৰো কাৰ্য একাংশ নেতাই নিৰ্বিকাৰে কৰি আহিছে!প্ৰতিবাৰে নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত ঘটা জনজাতীয় অশান্তিসমূহ এনে কিয় লাগে যেন ৰাজনীতিৰ ই ছলনাহে,য’ত নিৰীহ শতাধিকলোকৰ প্ৰাণৰ ভাবুকি আহি পৰে।অসম খনক আৰ্চেনিক,মনক্সাইদ,নাইট্ৰাইদ আদিৰ প্ৰয়োজন নাই পংগু হোৱাৰ বাবে,এইবোৰ ৰাজনীতিৰ বিহেই যথেষ্ট।অসমৰ ৰাজনীতিত সুপ্ৰভাৱৰ লগতে কুপ্ৰভাৱ বিস্তাৰ কৰে ‘বৈদ্যুতিক মিডিয়া’ই। এই ‘বৈদ্যুতিক মিডিয়া’ই ৰাজনীতিৰ তথা চৰকাৰৰ ভুলৰ অনুশোচনা কৰাই ঠিকেই,কিন্তু কিছু ক্ষেত্ৰত ‘বৈদ্যুতিক মিডিয়া’ই জনসাধাৰণক বিপথে চালিত কৰাৰ উদাহৰণো আছে। সিযিয়ে নহওক কিয় সাধাৰণ ৰাইজৰ ভূমিকা চৰকাৰৰ সমানেই গুৰুত্বপূৰ্ণ ৰাজ্যক সু-পথে চালিত কৰাৰ বাবে।

অসমৰ চাৰিসীমা ‘ছীল’ কৰাৰ ব্যৱস্হা!! যেন এক অলীক সপোন। আজি বোলে নগা আহি অসমীয়াৰ চাহ বাগিছা কাটি গ’ল ,কালি বোলে সন্ত্ৰাসবাদীয়ে আহি তাণ্ডাৱ চলাইছৈ। কত যে কি নহয় আৰু….। মই অন্য এক জ্বলন্ত সমস্যাৰে চিন্তিত; প্ৰতিবছৰে,প্ৰতিমাহে টেলিভিছনৰ পৰ্দাত প্ৰত্যক্ষ কৰা যে উত্তৰ-পূৱৰ ছাত্ৰৰ হত্যা ৰাজধানী চহৰতে। যদি অসমীয়া ছাত্ৰ পঢ়িবলৈ গৈ ৰাজধানী ৰাজ্যতে সুৰক্ষিত নহয়,তেন্তে কাক বিশ্বাস কৰিব উঠি অহা চামে??চৰকাৰক বিশ্বাস কৰিবনে? বৰ্তমান জনসাধাৰণ আধুনিক শিক্ষাৰে শিক্ষিত হৈ উঠাৰ প্ৰয়োজন আহি পৰিছে। সমাজ সুস্হ মগজুৰে ওলায় আহিব লাগিব

মোৰ বৰ্তমানলৈ চাক্ষুস অভিজ্ঞতা যথেষ্ঠ সীমিত যদিও উপলব্দ্ধি কৰিছো যে ধৰ্ণা,প্ৰতিবাদ কোনো সমস্যাৰে সমাধান নহয়। বৰং;ই এক অশান্তিৰ বাতাবৰণহে সৃষ্টি কৰে। ই সমাজ অধিক কলুষিত কৰে। জনসাধাৰণে নিজে কাম কৰা উচিত আৰু নৱপ্ৰজন্মই বিশেষকৈ উচিত দিশৰ বিবেচনা কৰি বিবেকপূৰ্ণভাৱে সিদ্ধান্ত লোৱা উচিত। যাতে নৱপ্ৰজন্ম য’ত ,তাতেই যেন আমাৰ সুস্হ সমাজ দৃষ্টি গোচৰ হয়। প্ৰতিজন ওলায় আহক,অসমৰ গৰিমা বৰ্তাই ৰাখোহঁক। শংকৰ-লাচিত এই দেশত যেন ৰাজনীতিৰ ক্ষেত্ৰখনে ‘অসমানতা’ৰ বীজ ৰোপন নকৰে, যদিও ৰাজ্যখন ‘অসম’ নামেৰে পৰিচিত।

~ Debashree Sharma